Psalms 54

প্ৰধান বাদ্যকৰৰ প্রতি: তাৰযু্ক্ত যন্ত্ৰেৰে গাব লগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনালে যে দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে। গীতটো সেই সময়ৰ।

1হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা;
তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা ।
2হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা,
মোৰ মুখৰ কথালৈ কাণ দিয়া।
3কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে,
হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে;
তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]

4কিন্তু ঈশ্বৰ মোৰ সহায়কৰ্ত্তা;

ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে।
5তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব;
তোমাৰ বিশ্বস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা।

6মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;

হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম।
কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে;
মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে ।
7

Copyright information for AsmULB